পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মমাৰ্গেদি গমন কৰি সগুণব্ৰহ্ম উপাসনা কৰা কৰ্ম্মযোগীয়ে ব্ৰহ্মলোকলৈ গতি কৰি পৰব্ৰহ্ম বা পৰমাআত ব্ৰহ্মনিৰ্বাণপ্ৰাপ্ত হয় (১)। যি মাগত ধুম, ৰাতি, কৃষ্ণপক্ষ, দক্ষিণায়ন ছমাহৰ স্থিতি (২), সেই মাগেদি গতি হলে কৰ্মীপুৰুষ চন্দ্ৰলোক (৩) প্ৰাপ্ত হৈ বৰ্গখ লেগৰ অন্তত, অতৃপ্ত বাসনা হেতুকে সংসাৰত পুনৰাবৃত্ত হয়। শুক্ল আৰু কৃষ্ণ এই দুই পথ জগতত নিত্যসিদ্ধ। গুৰুমাৰ্গৰ উপাসক নিৰ্বাণাপ্ত আৰু কৃষ্ণাৰ্গৰ কৰ্মী পুনৰাবৃত্তিপ্ৰাপ্ত হয়। ইয়াকে জানি, সগুণব্ৰহ্ম উপাসক যোগী সংসাৰৰ মায়াত বিমুগ্ধ নহয়। এতেকে, হে অৰ্জুন, তুমিও সংসাৰৰ মায়াত বিমুগ্ধ নহৈ শুক্লমাৰ্গগামী হোৱাৰ উদ্দেশে সমধিস্থ হোৱা। হে অৰ্জুন। বেদ অধ্যয়নৰ ফলত, তপস্যাৰ বলত, দানকৰ্মৰ গুণত, পুণ্যকৰ্মৰ পৰিণাৰত যি ফল লাভ হয়, ধ্যাননিষ্ঠ যোগীগণে সেই ফলভোগ তুচ্ছ কৰি সৰ্বকাৰণৰ কাৰণ- (১) “অগ্নিজ্যেতিৰ শুক্ল বাসা উত্তৰায়ণ। তত্ৰ প্ৰয়াত গচ্ছত্তি ব্ৰহ্ম ব্ৰহ্মবিদো জনাঃ॥ -গীতা, অষ্টম অধ্যা, ২০ গোক। (২) “ধূমো ৰাত্ৰিত কৃষ্ণঃ বাসা দক্ষিয়। আম চাষসং জ্যোতিৰ্যোগী প্ৰাপ্য নিবৰ্ত্ততে। আধ্যা, ২ মোক। (৩) চন্দ্ৰলোক পুণভোগৰ স্থান। যি সকলে সংকলি কৰি দেহ ত্যাগ কৰে, সেই সকলে চন্দ্ৰলোক লাভ কৰি অনুপম মুখ ভোগ কৰিবলৈ পায়; কিন্তু বাসসূত্ৰ বোগত সংসাবলৈ পুনৰাবৃত্ত হয়। এই পুনৰাবৃত্তি মাগৰ নাম পিতৃবান।গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দ স্বামী।