৩০ শ্ৰীকৃষ্ণ।
দিন-ৰাতি পৰিমাণৰ বিষয়ে ধাৰণ কৰিব পাৰে। ব্ৰহ্মাৰ জাগ্ৰত অৱস্থাই ব্যক্ত, আৰু নিদ্ৰিত অৱস্থাই অব্যক্ত; ব্ৰহ্মাৰ দিনত ব্যক্ত চৰাচৰ পদাৰ্থৰ কাম কৰ্মৰ অনুষ্ঠান হেতু পুনঃ পুনঃ উৎপত্তি আৰু স্থিতি, ৰাতিত ব্যক্ত চৰাচৰ পদাৰ্থ অব্যক্তৰূপে লয়প্ৰাপ্ত হয়। কিন্তু, চৰাচৰ জগত লয় পালেও, সেই অব্যক্তৰে অতীত, ইন্দ্ৰিয়ৰ অগোচৰ, স্বতন্ত্ৰসভা সনাতন পৰব্ৰহ্ম লয় নাপায়। এই অক্ষৰ অব্যক্ত সত্তাম্বৰূপেই জীৱৰ পৰগতি; সেই সত্তাতাপ্ৰাপ্ত হলেই জীৱৰ ঘূৰি জন্ম নহয়। সেয়ে মোৰ পৰমধাম, অৰ্থাৎ সেয়ে বিষ্ণুৰ পৰমপদ, সেয়ে বিষ্ণুৰ স্বৰূপ অৱস্থা। হে পাৰ্থ! এই চৰাচৰ জগত সেই পৰব্ৰহ্মতেই অৱস্থিত, আৰু তেওঁৱেই এই চৰাচৰ জগতত পৰিব্যাপ্ত; তেও সহজবোধগম নহয়, ঐকান্তিক ভক্তি সহকাৰে মাথোন সেই পৰমপদ লাভ কৰা যায়। (১) “হে ভৰতকুলতিলক অৰ্জুন। দেহৰপৰা প্ৰাণ ওলাই যাবৰ সময়ত কোন্ কালত বা কোন্ মাগেদি গতি হলে যোগীৰ পুনৰ্জন্ম হয়, আৰু কোন্ কালত বা কোন্ মাৰ্গেদি গতি হলে সেই পুনৰাবৃত্তি নহয়, সেই কাল আৰু মাৰ্গৰ সৰল ব্যাখ্যা দিও, শুনিব।—যি মাগত জ্যোতিঃ- স্বৰূপ অগ্নি, দিন, শুক্লপক্ষ, উত্তৰায়ণ ছমাহৰ স্থিতি, সেই দেৱযান বা ১৭২৮০০০ বছৰ; ত্ৰেতাযুগৰ পৰিষ ১২ ৯৬০০০ বছৰ পৰযুগৰ পৰিমাণ ৪৩২০০০ বছৰ। এই চতুগ সহস্ৰষাৰ পাৰ হলে ব্ৰহ্মাৰ এদিন, আৰু সেই দৰে আকৌ চতুযুৰ্গ সহস্ৰষাৰ পাৰ হলে ব্ৰহ্মাৰ এৰাতি হয়। এই হিচাপে ধৰি এন্ধাৰ অহেৰাত (এভিন আৰু এৰাতি) কিমান ৰহৰ সোমা, ৩াক ধাৰ কৰিবলৈ গলে লেখ নোপাৱা হয়গৈ—অৰ্থাৎ, পৰত্ৰ, ৰা পৰা ৰা সৃষ্টিকৰ্তা গৱন্তু যেনে ৰাজি আৰু অনন্ত, তেওঁৰ ফালৰ পৰিমাণে সেই ফৰেই অনাদি কাৰু নয়। ১) গতা, অষ্টম আখ্যা, ১৪২োব সংবোগ ব্যাখ্যা।