পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৬৭৫ হয় আৰু প্ৰতিকূল পদাৰ্থত নেব জন্মে। ইয়াকে যোগায়া বোলা যায়। প্ৰানীমাত্ৰকেই মায়াত মুগ্ধ; কিন্তু জন্ম-জন্মান্তৰৰ সঞ্চিত পুণ্যৰাশিৰ গুণত যিবিলাক পাপৰপৰা মুক্ত হৈছে, সিবিলাকৰ সেই মায়া-মোহ ক্ৰমাৎ অপনীত হলে সিবিলাকে পৰমাত্মাক আৰাধনা কৰে। যি সকলে কামসিদ্ধিৰূপ ফলৰ প্ৰতি দৃষ্টি নাৰাখি কেৱল মুক্তিৰ অৰ্থেই সাধনা বা উপাসনাদি কৰে, সিবিলাকে সগুণব্ৰহ্মৰ আশ্ৰয় নললে সাধনা সিদ্ধ নহয়; অথচ ত্ৰিগুণব্ৰহ্ম সিবিলাকৰ উপাসনাৰ অতীত। যিবিলাকে অধিভূত, অধিদৈব আৰু অধিষজ্ঞৰে সৈতে মোক চিন্তা কৰে, সিবিলাকে মৰণকালতো মোৰ কৃপা লাভ কৰে। কাৰণ, ভগবদ্ভক্ত অজ্ঞান, অচেতন, মৃচ্ছিত অৱস্থাতে ভগবদ্ভাভ্ৰষ্ট নহয়। অৰ্থাৎ অন্তিম কালত ইন্দ্ৰিয়বিলাক অৰশ হৈ আহে, কাৰ্যকৰী শক্তিহীন হৈ পৰে। তাৰ লগে লগে মন নিস্তেজ হৈ অভিভূত হবলৈ ধৰে। সেই সময়ত ভগৱৎ কথা শুনিবলৈ আৰু ভগবদানুৰাগী হবলৈকো শক্তিৰ তেনে আসন্ন অৱস্থাত বৎসল ভগৱানে আপোনা- আপুনি মৃত্যুমুখী ভক্তৰ হৃদয়ত থিত, দিয়ে।” (১) (১) গীতা, স আখ্যা, ২৩-০ গো।