সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কযোগ আৰু মাসযোগ। পদ্মপত্ৰত পানীৰ সেই শক্তি নাখাটে (১); সেইদৰেই কই কা- সুষ্ঠানকাৰী মাকেই কামপাশত আৰ কৰে, কিন্তু যি ফলকামনা- বৰ্জিত কৰ্ম্মানুষ্ঠানকাৰী, সিবিলাকক কমপাশে বান্ধিব নোৰাৰে। কৰ্মযোগীগণে ফল কামনা পৰিত্যাগ কৰি চিত্তশুদ্ধিৰ উদ্দেশে কেৰল শৰীৰ, মন, বুদ্ধি আৰু ইন্দ্ৰিয়াদিৰ দ্বাৰাই হে কাম কৰে। নিষ্কাম কৰ্মযোগীয়ে মোক্ষপ শান্তি লাভ কৰে; কিন্তু কামী অযোগীয়ে ভোগ- বাসনা হেতুকে ঘূৰি ঘূৰি কামপাশত বান্ধ খায়।” (২) “জিতেন্দ্ৰিয় আত্মদৰ্শী পুৰুষে মনৰপৰা কৰ্ম্মসমূহক বাজ কৰি দি, নবদ্বাৰবিশিষ্ট (৩) হৈ দেহাৰ মাজত স্থিতি কৰে। তেওঁ নিজে কোনো কাৰ্য্য নকৰে, আৰু আনকো প্ৰৱৰ্তিত নকৰে, কাৰণ তেওঁ সততে নিজ বাত ৰক্ষা কৰে। ঈশ্বৰ বা আত্মা স্বয়ং কৰ্মউৎপাদক নহয়; তেওঁ ফলদাতাও নহয়; ফলভাগীও নহয়। অজ্ঞানৰূপ মায়া বা অনাদি অবিদ্যা বা অনন্ত প্ৰকৃতি হে কাৰ্য্যক্ষেত্ৰ বিয়পি থাকে। আত্মা জীৱৰ পাপ-পুণ্যৰ গৰাকী নহয়।” (৪) “আত্মবিচাৰৰ ফলত যাৰ অজ্ঞানতা গুচিছে, তেওঁৰ অন্তৰত সূৰ্যৱৎ ব্ৰহ্মজ্যোতি প্ৰৱেশ কৰে। যি ব্ৰহ্মনিষ্ঠ আৰু পৰমাত্মাতে যাৰ আত্ম- (১) “ব্ৰহ্মণ্যাথায় কৰ্ম্মাণি সঙ্গংত্যক্ত কৰোতি। লিপ্যতে নস পাপেন পদ্মপত্ৰমিবাভসা।” -গীতা, আখ্যা, ১০ মোক। (২) গীতা, ৫ম অধ্যা, ১১-১২ সেকি। (৩) দুই চকু, দুই কাণ, দুই নাকৰ বিন্ধা, আৰু এখন মুখ এই সাতখন উদ্ধ- আৰ; মলাৰ আৰু মুত্ৰৰ এই দুখন এখোৰ; এয়ে-সেয়েশন গৰ লগা দেয়- ঘৰৰ মাজত জীবাত্মা অৱস্থিত। (৩) গীতা, অ আধ্যা, ১৩-১৫ মোক।