পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিষ্কাম কৰ্মযোগ। ৬৩৭ কৰিব। এতেকে, তুমি নশ্বৰ মনৰ দুখ-কষ্ট, মায়ানোত বাছা-কামনা আদি পৰিহাৰ কৰি নিষ্কাম কৰ্ম সাধনৰ অৰ্থে আগ বঢ়া উচিত। মানুহৰ মন-প্ৰাণ অচেতন, আত্মাৰ দৰে অমৰ নহয়; গতিকে মনোধ পানত আত্মতত্ত্ব বা ব্ৰহ্মজ্ঞান লাভ নহয়, কাৰণ দেহৰ ধৰ্মাদি আআত নাই। আকাশত বিজুলীৰ চমকনি যেনে, মানৱ অন্তৰত আয়াও তেনেই। দেহাদি পদাৰ্থত যাৰ আসক্তি নাই, প্ৰিয় বা অপ্ৰিয় বস্তু পালেও বা নাপালেও যাৰ হৰ বা বিষাদ নাই, তেনেজনেই ব্ৰহ্মজ্ঞানী, তেৱেই যোগী, তেওঁৱেই বা তেওঁৰ অৱস্থাই মানৱাত্মাৰ চৰম লক্ষ্য। ব্ৰহ্মজ্ঞানী বোগী পুৰুষৰ মানত ভাই-বন্ধু, আত্মীয়-কুটুম্ব, পুত্ৰ-পৰিয়াল মৃগতৃষ্ণাৰত মাথোন, সকলে অসাৰ; সিবিলাকত সাৰ পদাৰ্থ মাথোন আত্মা; সেই আত্মাৰ পৰমাত্মা লাভেই মোক্ষপদপ্ৰাপ্তি বা পৰমপদলাভ। হে অৰ্জুন, উপস্থিত অসাৰ সমস্যাত তুমি অবিচলিত থকা হে তোমা হেন পুৰুষৰ শোভনীয় নিষ্কাম কৰ্ম্ম। কাছই যি দৰে নিজৰ শিৰ আৰু অঙ্গ কেঁাচাই নি অভ্যন্তৰস্থ কৰে, সেই দৰে সমাধিস্থজনে নিজৰ ইন্দ্ৰিয় গণক মনৰপৰা সঙ্কোচাই নি আত্মান্থিত কৰিলেই তেঁওৰ প্ৰঙ্গ বা ব্ৰহ্মত্ব বা আত্মজ্ঞান প্ৰতিষ্ঠিত হয়। নিহাৰজনিত দুৰ্বল মানুহৰ শাদি পদাৰ্থ, অৰ্থাৎ শ্ৰৱনশক্তি নাশ হয়, মাথোন বাসনা বিলয় নহয়। কিন্তু যোগী পুৰুষৰ বাসনা পৰ্য্যন্ত পৰমাত্মত লয় পায়। হে কুখীনন্দন। ইও সত্য যে, বলবান ইন্দ্ৰিয়বিলাকে অতি বীৰ্য্যবান বিবেকী পুৰুষৰ মনন বলেৰে বিকাৰগ্ৰস্ত কৰে। এতেকে, উপস্থিত সমস্যা তোমাৰ মন বিহ্বল হোৱাটো একো অচাৰিত নয়।* (১) এইখিনিতে অৰ্জ্জনক চিন্তাযুত দেখি, দেৰে এই বুলি সেই ব্যাখ্যাৰ ব্যাখ্যা ক্ৰমাৎ বিশদতৰ কৰিবলৈ ধৰিলে,-“কিন্তু, হে অক্ষুন। ১) গীতা, আখা, ৫৪০ লোক।