পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিষ্কাম কৰ্মযোগ। বুদ্ধিযোগপৰায়ণ পুৰুষসকলে কৰ্মজনিত ফল ত্যাগ কৰি আত্মজ্ঞান লাভৰ ফলত জন্মৰূপ বন্ধনৰপৰা মুক্ত হৈ পৰমপদ লাভ কৰে। অৰ্থাৎ, নিষ্কাম ধম্মী লোকৰ চিত্তশুদ্ধি হলেই আত্মজ্ঞান লাভ হয়। সেয়ে হলেই সেই মানৱাত্মাই পৰমাত্মাত লয় গৈ মুক্তি বা নিৰ্বাণ লাভ কৰে। এই মুক্তিপদকে বিষ্ণুৰ পৰমপদ বুলি শায়োয় কয়। আৰু যেতিয়াই মানুহৰ জ্ঞান-বুদ্ধিয়ে অবিবেকৰূপ কলুষ বৰ্জন কৰি উঠে, তেতিয়াই কৰ্ম্মফলৰ তৃষ্ণা বা কামনাৰ প্ৰতি তেওঁৰ বিৰাগ জন্মে। যেতিয়াই বিবিধ বিষয়ক (১) ফললাভৰ শঙ্কাযুত ভাব আঁতৰ হৈ অন্তঃক। পৰমাআত নিমজকৈ মজে, তেতিয়াই মানুহৰ তত্ত্বজ্ঞান লাভ হয়, অৰ্থাৎ তেতিয়া মানৱাত্মা পৰমাত লয় গৈ ব্ৰহ্মনিৰ্বাণ (২) প্ৰাপ্ত ভগৱান শ্ৰীকৃষ্ণৰপৰা আত্মজ্ঞান, নিষ্কাম কৰ্ম, যোগ, সমাধি আৰু পৰমপদ বিষয়ক পৰমাৰ্থতত্ত্বৰ আভাস মাথোন পাই, তাৰ বিশদ ব্যাখ্যা লাভাৰ্থে অৰ্জুনে সভক্তিৰে শ্ৰীকৃষ্ণত এই বুলি সুধিলে,-“হে কেশৱ। (১) শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাটোটা বিষয়। এই পাঁচোটা বিবৰত চিত্তবৃত্তি নিৰুদ্ধ হলেই স্মৃতি, শ্ৰুতি, স্বপ্ন আৰু জাগ্ৰত অৱস্থা এৰাই ওপৰলৈ উঠ যায়। এয়ে প্ৰকৃত যোগ বা সমাধি। (২) বৌদ্ধধৰ্থৰৰ চৰম লক্ষ্য হৈছে নিৰ্বাণেই। পাৰ্থক্য এই মহোন যে, বুদ্ধৰ মতে নিৰ্বাণত মাৰ মন আৰু আত্মা পৰমায়াত লয় পায়। কৃষ্ণৰ মতে ব্ৰহ্মনিৰ্ধাণত মাৰ মাখোন পৰমায়াত লয় পায়। আগৰটোৰ মতে মানুহৰ মন আৰু আত্মা দুইৰো অস্তিত্ব বিলোপ হৈ পৰক্সাত মিলি যায়। পাচৰটোৰ মতে মানুহৰ মনৰ অন্তি লোপ পালেও আত্মাৰ অলি ৰোৰ নোৰাৰে। সি সেই ভাগেই পৰমাত মিলি যায়। কিন্তু, সাধনা আৰু সিদ্ধি দুয়ামততে একে। (৩) গীতা, ২ , ১৬ গো।