এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২ )
আগ॥ কাহাৰ আগত, ভাবুকি মাৰস, এতেক
বীৰত্ব কৈয়া। হুৰে কাণখোৱা, আসে বুলি
তই, শিশুক যেন দৰুৱা॥ ৬৮ ॥ ডাক দিয়া
বোলোঁ, শুন অৰে তই, নন গোৱালৰ সুত।
মাৰে যে সাফল, পুত্ৰক তুলিলে, আগে আসি
চোশ হাত॥ উঠি আস তই, বুঁজো মুনি
সাই, মোক যুঝিবাক লাগি। তই মই আজি,
হতাহতি কৰোঁ, ৰাজাগণে চাউক আগি
॥ ৬৯ ॥ মাধৱে বোলন্ত, দুষ্ট শিশুপাল, কতনো
মাতস ৰাগে। ঠাইতে বসিযে, কাৰ্য্যক
সাধিলে, কিয় উঠিবাক লাগে॥ অলপ জনক,
লাগি শিশুপাল, উঠিৰে নলাগে মোৰ। নিল–
গযে হাতে, দলিটী মাৰিয়া, কাৰ্য্যটী সাধিবোঁ
তোৰ॥ ৭০ ॥ কোন কথাটী লৈ, ৰাজ সমাজত,
আসনৰ উঠি যাইবোঁ। কেহোযে দেখিব,
কেহোনে দেখিব, মাথা কাটি পেলাইবোঁ॥
ইসব বচন, বুজি নাৰায়ণ, চক্ৰ তুলি লৈলা