সমললৈ যাওক

পৃষ্ঠা:শিশুপাল বধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১ )


তোক। তিৰী দোষী পাই, কোনে ধৰ্ম্ম চাই, এড়িয়া পঠাইলি মোক॥ ৬৪ ॥ কোন ৰাজ্য খান, বাপেৰে খাইছিলে, তাক কৈ দেশ ভালে। কংসৰ নিহলে, বাপেৰ মৰিল, দুয়োৰে পাৱ গেলালে॥ বাপেৰ বৃত্তান্ত, জানো সমুদায়; যেনয় সুখী আছিল। আন কিছু নুই, দুখীয়া দুখিনী, ঘোল বিকি খাই ছিল॥ ৬৫ ॥ এতেক যে মিছা, কহিবাক পাৰ, সভাত জৰি জোৰাই॥ বাপেৰে পোৱেৰে, যজ্ঞ আৰম্ভিলি, ঘোল বিকা ধন পাই॥ এনুৱা বচন, শুনিয়া কৃষ্ণৰ, উঠিল ক্ৰোধ অপাৰ। জাজ্বল্য সমান, ভৈল কম্প– মান, বোলে ঐ দুৰাচাৰ॥ ৬৬ ॥ ৰাজ সমা- জত, এতেক কদৰ্থ, মোহোৰ মুখ নচাই। চক্ৰৰ প্ৰহাৰে, দুখানি কৰিবোঁ, আজি যা তই এড়াই॥ উত্তৰে নোৱাৰি, ক্ৰোধিলা মূৰাৰী, দিলন্ত তাক উত্তৰ। সকলে দিনৰ, গালীক সুজিবোঁ, আজি তই পাপীষ্ঠৰ॥ ৬৭ ॥ ইহেন বচন, শুনি শিশুপাল, দুগুণে বাঢ়িল ৰাগ। কৃষ্ণক যুঝিবে, লাগি শিশুপাল, ত্বৰিতে ভৈলেক