পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
শিক্ষা-বিচাৰ

কৰ্মেন্দ্ৰিয়ৰ সহায়ত। ‘আত্মা’ যি দেহযন্ত্ৰত বাস কৰে, সেই যন্ত্ৰৰ এই দহোটা সংকেত-স্থান মন আৰু শৰীৰ(Switch)। মনে এই ইন্দ্ৰিয় বিলাকৰ দুৱাৰে দি আত্মা আৰু অনাত্মাৰ সম্বন্ধ ঘটাই দিয়ে।

 এই সম্বন্ধ কি প্ৰকাৰে সংঘটন হয়, তাক বুজিবলৈ আমাৰ শৰীৰ-যন্ত্ৰটোৰ গঠন সম্পৰ্কে অলপ কথা জনা আৱশ্যক।

  মনস্তত্ত্ববিদ আৰু শৰীৰতত্ত্বজ্ঞ পণ্ডিত সকলে অনেক পৰীক্ষণ আৰু পৰ্য্যবেক্ষণৰ ফলত ঠিক কৰিছে যে জীৱ-শৰীৰৰ স্নায়ু-মণ্ডলৰ ওপৰত মনৰ সমস্ত কাৰ্য্য নিৰ্ভৰ কৰে। তেওঁলোকে কয় যে মানসিক ক্ৰিয়াৰ লগে লগে স্নায়ুমণ্ডলৰ পৰিবৰ্তন হয়; আৰু স্নায়ুমণ্ডলৰ পৰিবৰ্তনৰ লগে লগে মানসিক ক্ৰিয়া উৎপন্ন হয়। কিন্তু স্নায়ু-মণ্ডলৰ পৰিবৰ্তনৰ ফলত মানসিক ক্ৰিয়া হয়, বা মানসিক ক্ৰিয়াৰ ফলত স্নায়ু-মণ্ডলৰ পৰিবৰ্তন হয়—এই দৰে নকয়। তেওঁলোকৰ মতে এই দুই-বিধ ক্ৰিয়া একেলগে উৎপন্ন হয়; আৰু আমি স্নায়ু-মণ্ডল ব্যতিৰেকে কেতিয়াও মনৰ ক্ৰিয়া দেখা নাপাওঁ।

 স্নায়ু-মণ্ডলৰ প্ৰধানকৈ দুটা ভাগ—স্নায়ুকেন্দ্ৰ আৰু স্নায়ু- সংঘোগ। মূৰৰ খোলাৰ মাজত থাকে মস্তিষ্ক বা মগজু; আৰু ৰাজ-হাৰৰ মাজত কলচীয়া বৰণীয়া ঘিউৰ দৰে যি বস্তু থাকে, সি মজ্জা। মজ্জা আৰু মস্তিষ্ক একে যোগ হৈ আছে; আৰু দুয়ো একে প্ৰকাৰ পদাৰ্থ। মজ্জাৰ ওপৰত মস্তিষ্কৰ তলত