পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
শিক্ষা-দানৰ প্ৰণালী

পাৰিছোঁ, আৰু নিজে কৰোঁ বা জানো বুলিও বুজিব পাৰিছোঁ—সেই শক্তিয়ে মানুহৰ আত্মা। আত্মাৰ বাহিৰা যি সি অনাত্মা। শেষ অৰ্থত অনাত্মাক আত্ম-গত কৰি লোৱাই জ্ঞানাৰ্জন। আন প্ৰকাৰে এই কথা কবলৈ হলে—‘মই’, এটা বস্তু আৰু ‘মই’ৰ বাহিৰ ইবিলাক আন বস্তু। আদিতে ‘মই’ৰ লগত ‘মইৰ বাহিৰ’ৰ পৰিচয় নাথাকে। ‘মই’-এ ‘মন’ৰ সহায়ত ‘মইৰ বাহিৰ’-ৰ বস্তুৰ লগত চিনাকী পাতে। এয়ে জ্ঞানাৰ্জন।

 ‘মনৰ’ কাম এই সম্বন্ধ পাতাত সহায় দিয়া। মনৰ এই কাৰ্য্যক দুটা ভাগত ভগাব পাৰি—জ্ঞানাৰ্জন আৰু ক্ৰিয়াকৰণ। বাহিৰৰ কোনো এটা বস্তুৰ বিষয়ে জানিব লগীয়া কথাখিনি জানা হল জ্ঞানাৰ্জন; আৰু সেই বস্তু যি যি ব্যৱহাৰত লাগে সেই সেই ব্যৱহাৰত খটোৱা, ক্ৰিয়া-কৰণ। প্ৰকৃতত, জ্ঞানাৰ্জন আৰু ক্ৰিয়া-কৰণ, মনৰ এই দুই-বিধীয়া কাৰ্য্য একেলগে হোৱা দেখা যায় , কোনোটাত ইটো বা সিটোৰ প্ৰাধান্য থাকে মাত্ৰ। আগৰ অধ্যায়তো দেখুৱা হৈছে যে জ্ঞানে কৰ্মৰ শক্তি প্ৰৱল কৰে, আৰু ক্ৰিয়াই জ্ঞান বহল কৰে। কিন্তু শিক্ষা- দানৰ প্ৰণালীৰ তত্ত্ব ভালৰূপে বুজিবৰ অৰ্থে মনৰ এই দুই- বিধীয়া কাৰ্য্যৰ কথা মনত ৰাখিব লাগিব।

 ৩। মনে তাৰ কাৰ্য্য কৰে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ আৰু পঞ্চ