পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৮
শিক্ষা-বিচাৰ

 এই ৰূপে যোগান ধৰাৰ যি ভাল উপায় সেয়ে শিক্ষা-দানৰ উৎকৃষ্ট প্ৰণালী। শিক্ষণীয় বিষয় কি দৰে প্ৰস্তুত কৰি ললে সি ছাত্ৰ পক্ষে লোভনীয় হয়, অৰ্থাৎ সি সহজতে ছাত্ৰৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে, তাক জানা সকলো শিক্ষক আৰু অভিভাবকৰ কৰ্তব্য।

 ২। নীৰস বিষয় কি ৰূপে ৰসাল কৰিব পাৰি, বা কঠিন বিষয় কি প্ৰণালীৰে সহজ কৰিব পাৰি, জ্ঞানাৰ্জন আৰু মনতাক জানিবলৈ হলে জ্ঞানাৰ্জনৰ স্বাভাৱিক প্ৰণালী কি, সেই কথা ভাল দৰে বুজি লব শাগে। সংক্ষেপত কবলৈ গলে—শিক্ষা গ্ৰহণৰ স্বাভাৱিক প্ৰণালীয়েই শিক্ষা-দানৰ স্বাভাৱিক প্ৰণালী। কোনো কোনো বিশেষ বিশেষ অৱস্থাত মানুহে একো যত্ন নকৰাকৈয়ে বিষয়ৰ জ্ঞান অৰ্জন কৰিব পৰা দেখা যায়; জ্ঞাতব্য বিষয়- বোৰক তেনে অৱস্থালৈ আনিব পাৰিলে জ্ঞানাৰ্জন সুগম কৰি দিয়া হয়। এই অবস্থাবোৰ নো কি অমি ক্ৰমে ক্ৰমে বুজিবলৈ চেষ্টা কৰিম।

 এই ৰহস্যময় বিশ্বৰ লগত পৰিচয়, পাৰিলে ঘনিষ্ঠ সম্বন্ধ পাতাই জ্ঞান-অৰ্জন। সি কেনেকৈ হয়?

 মানুহৰ চৈতন্যময় যি শক্তি—যি শক্তিৰ অস্তিত্ব থাকাৰ কাৰণে আমি যাবতীয় কামবোৰ কৰিব পাৰিছোঁ বুলি জানিব