পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শিক্ষাবিদ বাণীকান্ত কাকতি

কাটিকুৰহাৰ পৰা গুৱাহাটী অথবা বৰপেটা আদিলৈ অহা-যোৱা কৰাটো বৰ কঠিন আছিল। প্ৰাইমাৰী পাছ কৰাৰ পিছতো তেওঁ উচ্চ ইংৰাজী স্কুলত পঢ়িবলৈ বৰপেটা মহকুমাৰ ভিতৰত থকা একমাত্ৰ স্কুলখনৰ বাবে স্কুলৰ সমীপৰ মনোহৰি দাস নামৰ লোকজনৰ মাটিত সৰু জুপুৰি এটি সাজি লৈছিল। সেইসময়ত আন ছাত্ৰসকলো তেনেদৰে সুবিধা কৰি পঢ়িব লগা হৈছিল।

 বাণীকান্ত কাকতিয়ে পৰিয়ালৰ লগতে দুজন ভতিজাক, খুলশালীয়েক দুসম্পৰ্কীয় ভায়েক এজন আৰু জিৎৰাম মহাজনৰ ডাঙৰ পুতেককো আনি পঢ়াশুনাৰ ব্যৱস্থা কৰি দিছিলহি। সেই সময়ৰ মানুহবোৰৰ মনবোৰ বৰ উদাৰ স্বভাৱৰ আছিল। সকলোকে আপোন বুলি লৈ ইজনে সিজনৰ সুখ দুখৰ ভাগী হ’ব পাৰিছিল। সেয়ে বিনা দ্বিধাৰে পঢ়া-শুনা ক্ষেত্ৰতো অসামৰ্থজনক সামৰ্থ থকাজনে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। এসময়ত বাণীকান্ত কাকতিক পঢ়ুৱা জিৎৰাম মহাজনৰ অৱস্থা তিনিবাৰকৈ ঘৰ পুৰি ব্যৱসায় ক্ষতি হৈ বৰ অসহায় হৈ পৰিছিল। বাণীকান্ত কাকতিয়ে তেওঁৰ পুতেকক পঢ়ুৱাৰ দায়িত্ব নিজ মূৰ পাতি লয়। ড° বাণীকান্ত কাকতিৰ প্ৰাণত জাতিপ্ৰেমৰ এজোপা বৰগছে জাতিষ্কাৰ হৈ ঠন্‌ ধৰি উঠিছিল। নিজৰ ভাষাটোৰ, নিজৰ জাতিটোৰ, নিজৰ সংস্কৃতিৰ, নিজৰ আচাৰ নীতিৰ প্ৰতি তেওঁ সদায় সজাগ আছিল; আৰু তাৰ উন্নতিৰ বাবে সদায় মন দিছিল। প্ৰাণভৰি ভাল পোৱা অসমীয়া জাতিটোৰ উৎপত্তিৰ কথা, জাতিটোৰ ভাষাৰ কথা তন্ন তন্নকৈ জানিবলৈ প্ৰয়াস কৰিছিল।