পৃষ্ঠা:শিক্ষাবিদ বাণীকান্ত কাকতি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
শিক্ষাবিদ বাণীকান্ত কাকতি

 নিজৰ অসমীয়া ভাষাটোৰ আঁতিগুৰি জনা আৰু অসমীয়া ভাষাৰ মূল্যবান ৰচনাসমূহ আঁতিগুৰি মাৰি অধ্যয়ন কৰা তেওঁৰ জীৱনৰ কৰ্মৰাজিৰ এটি তাৎপৰ্য্যময় অংশ কৰি লৈছিল। এই ভাষাটো কেনেকৈ উৎপত্তি হ’ল, কেনেকৈ বিকাশ হৈ আহি সম্পূৰ্ণ ৰূপ ল’লে তাক জানিবলৈ তাৰ বাবে নিজকে আত্মনিয়োগ কৰিছিল। অসমীয়া সাহিত্য বিশেষকৈ অসমীয়া পুৰণি সাহিত্যৰ বিষয়ে তেওঁ গৱেষণা কৰি সেইয়া পাঠক সমাজৰ হাতত তুলি দি জ্ঞান বিলাবলৈ অহৰহ তেওঁ কষ্ট কৰিছিল। তেওঁৰ জীৱনৰ ই আছিল এক মহৎ উদ্দেশ্য। এই উদ্দেশ্যই তেওঁক এজন মহান আদৰ্শবান, মহাপণ্ডিত আৰু কষ্ট সহিষ্ণু লোক হিচাবে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁক সকলোৰে নমস্য কৰি তুলিছিল। অসমৰ বাবে এজন আপুৰুগীয়া লোক কৰি গঢ়ি তুলিছিল। তেওঁৰ বাবে জীৱনৰ ভোগবিলাস, আনন্দ উপভোগ, অবাবত সময় কটোৱা- আদি আছিল নগন্য কথা। এনে দিশৰ প্ৰতি তেওঁ সদায় পিঠি দিছিল।

 কলেজত শিক্ষকতাৰ কৰাৰ লগে লগে বাণীকান্ত কাকতিয়ে নিজৰ জাতিটোৰ ভাষা জ্ঞানত মনপুতি লাগিবলৈ ধৰে। নিজৰ অসমীয়া ভাষাটোত উৎপত্তি, বিস্তাৰ, শুদ্ধ উচ্চাৰণকে ধৰি বৰ্ণ শুদ্ধিৰ বাবে গভীৰ অধ্যায়নত মগ্ন হৈ পৰে। তেওঁৰ জীৱনটোৱে যেন আছিল কেৱল অধ্যয়ন আৰু জ্ঞান আহৰণ কৰা। ফুৰা-চুকা, মেল-মিটিং এনেয়ে কথাকোৱাত মচগুল- এইবোৰ তেওঁ ভাল নেপাইছিল।

 তেওঁ অসমৰ বৈষ্ণৱ সাহিত্য বিশেষকৈ মহাপুৰুষ শংকৰদেৱ ৰচিত পুথিসমূহ গভীৰভাৱে অধ্যায়ন কৰিছিল। ১৯২০ চনৰ পৰা ১৯২১