পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
চতুৰ্থ স্কন্ধ।

দেব দৈত্য পৰস্পৰে কৰে কোৱা কুই।
হেন যুদ্ধ কোন কালে কভু নাহি হুই॥
অদৃশ্য অপূৰ্ব্ব যুদ্ধ অতি সুদাৰুণ।
যুদ্ধ চাই বিস্ময় ভৈলন্ত সৰ্ব্বজন॥
দেব ঋষি গন্ধৰ্ব্ব কিন্নৰ যক্ষ নাগ।
বিদ্যাধৰ চাৰণ বিস্ময় সৰ্ব্ব লোক॥
পৰ্ব্বত নাৰদ মুনি যুদ্ধ দেখি ছিল।
পূৰ্ব্বতক ডাকি পাচে নাৰদে কহিল॥
কোনো কালে এই ৰূপ যুদ্ধ নেদেখিলো।
মহা মহা যুদ্ধ পূৰ্ব্বে অনেক দেখিলো॥
তাৰক অসুৰ যুদ্ধ আৰু বৃত্ৰাসুৰ।
মধুকৈটভৰ যুদ্ধ সহ গদাধৰ॥
সিসবো নোহন্ত ইটো যুদ্ধৰ তুলন।
নাৰায়ণে প্ৰহ্লাদে ভৈলন্ত যেন থান॥
সিদ্ধ সমে যুদ্ধ ইটো নাই পটন্তৰ।
অতি বিপৰিত ঘোৰ যুদ্ধ ভয়ঙ্কৰ॥
দ্বৈপায়ণ কহে নৃপ যুদ্ধ গুৰুত্তৰ।
নাহিকে বিচ্ছেদ দিবা ৰাত্ৰিৰ ভিতৰ॥
নাহি দিবা নিশা জ্ঞান যুদ্ধ অবিৰাম।
নিৰন্তৰ অস্ত্ৰাবাতে কাপে ত্ৰিভুবন॥