সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
শ্ৰীশ্ৰীদেবী ভাগবত

পুন ৰপি প্ৰহলাদে বৰিষে অসংখ্যাত॥
দিয়ো শৰ নাৰায়ণে কাটিল সমস্ত॥
আকাশে অমৰ সবে যুদ্ধ ৰঙ্গ দেখে।
জয়ধ্বনি কৰে দেব দানব সমস্তে॥
লক্ষ লক্ষ কোটি কোটি অৰ্ব্বু নিৰ্ব্বূদ।
প্ৰহাৰন্ত দুয়ো অস্ত্ৰ নাহি ছেদ ভেদ॥
সনগনি ঠনঠণি শব্দ জনজনি।
অস্ত্ৰমুখে বিষজাল নিকলে অগনি॥
নিৰন্তৰ অস্ত্ৰাবাত নাহিক বিৰাম।
দশো দিশ অন্ধ কাৰ ধাকিল গগণ॥
জল স্থল সব স্থান অস্ত্ৰে বিয়াপিল।
ধনুৰ্ঘোষ অস্ত্ৰ শব্দে গগণ কাপিল॥
দুই শৰে কটা কটি কৰে ব্যোম পথে॥
কতো জলে পৰে কতো পৰে ভূমি পৃষ্ঠে॥
ভৈল মহা অন্ধকাৰ দিবসে ৰজনি।
ৰূদ্ধ ভৈল বায়ু বাট অমা বাশ্যা দিনি॥
কাকো কেহো নাকলয় ঘোৰ অন্ধকাৰ
অস্ত্ৰ অগ্নি শিখা মাত্ৰ কৰন্ত পোহৰ॥
অস্ত্ৰে অস্ত্ৰে কটা কাটি গগণ মাৰ্গত।
মহা জঞ্জাবাত সুনিৰ্ঘাত বজ্ৰা ঘাত॥