সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
শ্ৰীশ্ৰীদেবী ভাগবত।


হেন দেখি ধৰ্ম্ম সুত, হানে শৰ অদভুত
 তীক্ষ্ণ অস্ত্ৰ অসংখ্য অৰ্ব্বুদ।
দৈত্যেন্দ্ৰৰ অস্ত্ৰমান,  কাটি সব কৈল চন্ন
 পুন ৰপি হানিল প্ৰহ্লাদ॥
অসংখ্য অৰ্ব্বুদ কোটি,  প্ৰহাৰিল দৈত্যপতি
 নাহি ছেদ ভেদ নিৰন্তৰ।
প্ৰহ্লাদৰ অস্ত্ৰ ঘাৱে,  জৰ্জ্জৰিত সৰ্ব্ব গাৱে
 পাছে নৰে এৰিলন্ত থৰ॥
হেন দেখি নাৰায়ণ,  ক্ৰোধে কাল অগ্নি যেন
 হাতে তুলি লইলা সাৰঙ্গ।
কৰ্ণ মানে ধনু টানি,  প্ৰহাৰে গগণ ছানি
 সুবৰ্ণ পুংখিয়া অস্ত্ৰগণ॥
অগ্নি হেন কৰো জৌতি,  বিদ্যুতি কাছট ছটি
 ব্যোম পথ ভৈলন্ত আচ্ছন্ন।
দেবতা গন্ধব যক্ষ,  চাহে নাৰায়ণ যশ
 কৰে নবে পুস্প বৰিষণ॥
কোপে দৈত্য পতি,  অস্ত্ৰ হানি শীঘ্ৰ গতি
 লক্ষ লক্ষ অৰ্ব্বুদ নিৰ্ব্বুদ।
নাহি দিগ দিগন্তৰ,  শৰে ভৈল অন্ধ কাৰ
 নাৰাযণ আচ্ছন্ন ভৈলন্ত॥