পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
শ্ৰীশ্ৰীদেবী ভাগৱত।

বিমল উদক সৰস্বতী সুনিৰ্ম্মল।
সুপ্ৰসন্ন মনে স্নান কৰিল সকল॥
বিধিৱতে স্নান দান কৰিল ৰাজন।
পৰম পবিত্ৰ তীৰ্থ পতিত পাবন॥
অষ্টম অধ্যায় পদ দেবী ভাগবত।
প্ৰহলাদৰ তীৰ্থ যাত্ৰা নাম পুন্যপ্ৰদ॥
ভণিল গোপালদেব শ্ৰীগোবিন্দ পদে।
বোলা ৰাম ৰাম ডাকি সবে নিশবদে॥

অথ নৰৰ সহিত যুদ্ধা ৰম্ভ॥
পদ।

দ্বৈপায়ণ কহে ৰাজা শুনা তাত পাচে।
হেন মতে দৈত্যে যেবে বিহৰন্তে আছে॥
ক্ৰীড়ন্ত ভ্ৰমন্ত বিহৰম্ভ দৈত্য সব।
ভৈল ধ্যান ভঙ্গ নৰ নাৰায়ণ দেব॥
আগতে প্ৰহ্লাদে দেখে বিভিসিকা ছায়া।
নানাবৰ্ণে বাণ পৰে যেন দেব মায়া॥
কঙ্ক গৃধ্ৰ পাখা ছোৱা শুভ্ৰ তীক্ষ্ণ অস্ত্ৰ।
পৰম উজ্জ্বল অতিশয় তেজো মন্ত॥