পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
চতুৰ্থ স্কন্ধ।


বহু পুন্য তীৰ্থ আছে ধৰণী মণ্ডলে।
অবিনাশী ফল মিলে মন শুদ্ধ ভৈলে॥

অথ প্ৰহ্লাদৰ তীৰ্থ যাত্ৰা।
পদ।

ব্যাস নিগদতি চ্যবনৰ বাক্য শুনি।
নৈমিষ যাত্ৰাক লাগি পাচে নৃপমনি॥
হৰ্ষ মনে আন আন দৈত্যে আজ্ঞা দিল।
নৈমিষে যাইবাক লাগি উদ্যোগ কৰিল॥
প্ৰহ্লাদে কহন্ত ঋষি উঠা শীঘ্ৰ কৰি।
নৈমিষ তীৰ্থক চলি যাও আজি ধৰি॥
দেখিব পুণ্ডৰীকাক্ষ পীত বাস হৰি।
মোৰ সমে চলা দেব তুমি শীঘ্ৰ কৰি॥
এত কহি সবে বিষ্ণু ভক্ত দৈত্য মানে।
পাতালৰ পৰা বাজ ভৈল ততক্ষণে॥
ঋষি সঙ্গে সমস্ত দানব চলি গৈল।
আনন্দে নৈমিষাৰন্যে স্নান দান কৈল॥
দৈত্য সমে দৈত্যপতি বিহৰে তথাত।
মহা তীৰ্থ সৰস্বতী ভৈলন্ত সাক্ষাত॥