পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
শ্ৰীশ্ৰীদেবী ভাগবত।

তীৰ্থে বাস কৰি কৰে লোক প্ৰবঞ্চনা।
সিতো জন তীৰ্থ বাসী মহা পাপী গণ।
তীৰ্থে আচৰিলে পাপ অনন্ত হোৱয়।
দুষ্ট ভাবে কোটি স্নানে ফল নিমিলয়॥
গৰুখিচ যেহেন পকিলে স্বাদ নহে।
মনে পাপ তীৰ্থ স্নানে ৰস নাহি বহে॥
ৰাগ হিংসা লোভ মোহ দম্ভ অহঙ্কাৰ।
পৰস্ত্ৰী কাতৰ তীৰ্থ ফল কিবা তাৰ॥
দুঃখকে কৰিল মাত্ৰ ফল নধৰিল
আচোক ধৰিবে ফল পাপ বৃদ্ধি হৈইল॥
প্ৰথমতে মন শুদ্ধিকে কৰিৰে যুৱায়।
মন শুদ্ধি ভৈলে দ্ৰব্য শুদ্ধি যে হোৱয়।
তাত পাছে যিজন আচাৰে শুদ্ধি আছে।
সেহিসে প্ৰশস্ত তীৰ্থ জ্ঞানীৰ সমাজে॥
তীৰ্থ গামী স্পৰ্স নকৰিব হীন জলে।
নতুবা সমস্ত ব্যৰ্থ হোৱে ততক্ষণে॥
ভূত দায়া মহা ধৰ্ম্ম অবশ্য কৰ্ত্তব্য।
ভুত দায়া ধৰ্ম্ম মহা তীৰ্থ সমঞ্জপ্য॥
প্ৰথমে নৈমেষ চক্ৰ দ্বিতীয়ে পুষ্কৰ।
আনো কত পূন্য তীৰ্থ সংখ্যা নাই তাৰ॥