পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
চতুৰ্থ স্কন্ধ।

দেখি ইন্দ্ৰ তপ তেজ ভয়ে তৰসিল।
তপবিঘ্ন কৰিবাক চিন্তিবে লাগিল॥
কি উপায় কৰো ধৰ্ম্ম পুত্ৰ তপে মগ্ন।
সিদ্ধি লাগি যোগাসন কৰিছে ধাৰণ॥
কিৰূপে বিঘিনি কৰো তপ ভঙ্গ হোৱে।
কাম ক্ৰোধ লোভ মোহ উপযাইবো গাৱে॥
এত ভাবি সহস্ৰ লোচন গজে চড়ি।
বিঘ্নি সাধিবাক গৈল গন্ধমান গিৰি॥
কস্যপৰ পুন্যস্থানে গৈল সচীপতি।
দেখে তৈত সূৰ্য্য সম তপৰ দীপিতি॥
ব্ৰহ্মা বিষ্ণু কিম্বা দুয়ো কিম্বা অগ্নি দেৱ।
ধৰ্ম্ম পুত্ৰ মহাত্মাৰ ইৰূপ প্ৰভাৱ॥
কি কৰিবো কি হইবে চিন্তে সচীপতি।
বৰদান কৰো আগে কহিবো সম্প্ৰতি॥
যদ্যপি দুৰ্ল্লভ অতি শ্ৰেষ্ঠবৰ মাগে।
তপে তুন্ট ভৈলো তথাপিতো দিবে লাগে॥
ব্যাস নিগদতি ইন্দ্ৰ এতেক ভাবিয়া।
মুনি অগ্ৰে স্থিতি হুই বেলিন্ত হাসিয়া॥
বৰলহ মহামতি যিবা ৰুচি লাগে।
যদ্যপি দুৰ্লভ তাকো দিব অনুৰাগে॥