পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৯
শ্ৰীদেবীভাগৱত।

প্ৰতিমঞ্চে দশ দশ সোপান শোভয়।
মধ্যে দেবী সিংহসন বিৰাজ কৰয়॥
ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ঈশ্বৰ ইটো চাৰি।
দেবী মঞ্চ খুড়াইটো থাকে খুৰবিৰি॥
সদাশিব খাতপাট মঞ্চৰ উপৰি।
তাৰ উপৰত বসে ভূবন ঈশ্বৰী॥
সৃষ্টিৰ আদিতে যিটো দেবী লীলাৰূপে।
ভৈলন্ত বিভাগ শক্তি পুৰুষ স্বৰূপ॥
সেহিঅৰ্দ্ধ অঙ্গমহা পুৰুষ ঈশ্বৰ।
কোটি কন্দৰ্পকো নিন্দি পৰম সুন্দৰ॥
বৰাভয় পৰশু শোভি চাৰি ভূজ।
ষোড়শ বৰিষ নিজে ধৰিলন্ত অস্ত্ৰ॥
কোটি সুৰ্য্য প্ৰকাশ কোটি চন্দ্ৰমা শীতল।
শুদ্ধস্ফটি কৰসম ত্ৰিনেত্ৰ শীতল॥
বামে শ্ৰীভূবনেশ্বৰী দেবী অৰ্দ্ধ অঙ্গ।
নবৰত্ন কৰ্ণিকা মেখলা মনোৰম॥
শ্ৰীমুখ মণ্ডল পথ পূৰ্ণ শশধৰ।
যাকদেখি ক্ষোভে পায়া নয়োহোৱে চিৰ॥
অষ্টমীৰ চন্দ্ৰজিনি ললাট উত্তম।
বিম্বকল মিন্দিওষ্ঠ যগ মনোৰম॥
কাঞ্চি কটা বাসাম্বৰং॥