পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৮
চতুৰ্থ স্কন্ধ।

মণ্ডপৰ মথ্য স্থান কাশ্মিৰী কুহুম।
কুন্দ মালতীৰ মালে শোভে বিতোপণ॥
মৃগমদ কস্তুৰী সুগন্ধ শ্ৰাবী ঘট।
অসংখ্যত সাৰি সাৰি ৰতনে খছিত॥
মহাপদ্ম বনে যত সোপান আছয়।
ৰতনে নিৰ্ম্মিত সব অতি শোভাময়॥
সকল পুষ্পত মধুৰসে পৰি পূৰ্ণ৷
ভ্ৰমৰে কৰন্ত গুঞ্জ ৰবে মধুপান॥
হংসকাক কোকিল গন্ধতে আমোদিত।
পুষ্প বনে গন্ধে মণি দ্বীপ সুবাসিত॥
শৃঙ্গাৰ মণ্ডপে সদা দেব গান কৰে।
নানাৰূপ অঙ্গ ভঙ্গে সুমধুৰ শ্বৰে॥
সভাসদ যতমান সবেয়ো দেবতা।
মধ্য স্থানে জগত জননী অবস্থিতা॥
তৃতীয় মন্দিৰে কৰে জ্ঞান উপদেশ।
মুক্তি মণ্ডপত কৰে মুকুতি আদেশ॥
মুখমণ্ডপ হয় বিচাৰ আলয়।
সৃষ্টিৰক্ষা বিচাৰ দেবীয়ে আলোছয়॥
মস্তিনী সহিতে কৰে বিচাৰ আলোচ।
আত্মতত্ব শক্তি মন্ত্ৰি পদে অধিবাচ্য॥