পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৫
শ্ৰীদেবী ভাগৱত।

বিষ্ণু মূৰ্ত্তি উপাসক সাবিত্ৰী ভকত।
সিটোসব লোক নিব সতিকৰে তৈত॥
বায়ুকোনে মহাকদ্ৰ সৰস্বতী স্থান।
বৰাভয় পৰশু অক্ষমালা বিভুষণ॥
ৰুদ্ৰ উপাসক আৰু গৌৰী উপাসক।
ইটোকোনে বাসকৰে সেহিসব লোক॥
চৌষষ্টি আগম লতা আৰু অন্য সব।
মূৰ্ত্তি মন্ত জীবভাবে তৈতে আছে সৰ্ব্ব॥
অগ্নিকোণে ধনপতি কুবেৰ বৈসন্ত।
ৰতনৰকুম্ভ কমণ্ডলু ধৰি চত্ত॥
সাৰি সাৰি গৃহে মহালক্ষ্মী সমন্বিত।
দেবী ধন ভণ্ডাৰত সিটো অধিপত।।
বৰুণ কোনত ৰতি মদন বিহৰে।
পাশাঙ্কুশ ধনু ৰ্ব্বাণ ধৰি নিজ কৰে॥
মূৰ্ত্তি ধৰি ৰতিসমে শৃঙ্গাৰ থাকয়।
বিশ্ব ব্ৰহ্মাণ্ডত কলাৰূপে বিহৰয়॥
ঈবান কোনত বিঘ্নি নায়ক গণেশ।
পুষ্টি সমে পাশাঙ্কুশ ধৰি কৰেবাস॥
গণেশ বিভূতি নৃপ যতমান আছে।
মহতি ঐশ্বৰ্য্য সমে সবেতাতে ৰৈছে॥

*৩৩*