পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ স্কন্ধ।

প্ৰভাতী অৰুণ জিনি বৰ্ণ সবাকাৰ।
বিশ্ব ব্ৰহ্মাণ্ডৰ বাৰ্তা প্ৰবোধ সবাৰ॥
মুক্তা সালা অগ্ৰে মহা মৰকত পূৰী।
দিয়ো দশ যোজন দীঘল বহু যুৰি॥
সুখ ভোগ সৌভাগ্য নানাবিধ তৈতআছে।
গৃহবাটি মধ্যস্থান মনিক্যে নিৰ্ম্মিছে॥
ষড়কোনী পথ ইটো স্থান মনোহৰ।
তাৰ অধিষ্ঠাত্ৰী দেবী নাম শুনাতাৰ॥
পূৰ্ব্বকোনে চতুৰ্ব্বক্ত গায়ত্ৰী সহিত।
সৰ্ব্বদায়ে ব্ৰহ্মাদেব বিৰাজ কৰন্ত॥
অক্ষ মালা কমণ্ডলু ব্ৰহ্মদণ্ড ধাৰী।
গায়ত্ৰীয়ো আছে সেহি অশ্ৰ শশ্ৰ ধৰি।
বেদ সৰ্ব্ব মূৰ্ত্তি ধৰি তথাতে আছয়।
সজবিত মূৰ্ত্তি মন্ত অস্ত্ৰ শস্ত্ৰ চয়॥
শ্ৰুতি স্মৃতি পুৰাণ সকলে মূৰ্তিমন্ত।
সজী বিত মূৰ্ত্তিধৰি তথাতে ৰহন্ত॥
গায়ত্ৰী উপাসী যিটো ব্ৰহ্মা উপাসক।
সেহি স্থানে নিবসতি কৰে সিটো লোক॥
দক্ষিন কোনত শঙ্খচক্ৰ গদা ধৰি।
মহাবিষ্ণু ৰূপেৰহে সাবিত্ৰী ঈশ্বৰী॥