পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮১
শ্ৰীদেবীভাগৱত।

গৃহ দৰ্জা ভূমি সবে বৈদূৰ্য্যে নিৰ্ম্মান।
বাপী কুপত ভাগ পুখুৰী নদী মান॥
নদ নদী বালি সবে বৈদুৰ্য্যৰ মণি।
তল মল কৰে যেন সুনিৰ্ম্মল পানী॥
তাৰ অট দিক্ষু ৰাজা ব্ৰহ্মাদি মণ্ডল।
নিজ পৰিবাৰে তৈতেৰহে আখণ্ডল॥
প্ৰতি ব্ৰহ্মাণ্ডৰ যত মাতৃকা সকল।
সবাৰ সমষ্টি মুখ্যৰহে সৰ্ব্বকাল॥
ব্ৰাহ্মী মাহেশ্বৰী শক্তি কৌমাৰী বৈষ্ণবী।
বাৰাহী ইন্দ্ৰানী আৰু চামুণ্ডা কোটভী॥
মহালক্ষ্মী আদিকৰি নহামাতৃগণ।
ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰআদি যত দেবগণ॥
জগতৰ কল্যান কাৰুণী আখণ্ডল।
নিজ নিজ সৈন্যসমে কৰে দ্বাৰ পাল॥
কেটি কোটি হস্তী কোটি কোটি দোলা ঘোড়া।
বেশভুষা অলঙ্কাৰে যেন নব দৰা॥
হংস সিংহ ময়ুৰ গৰুড় বৃষ যান।
ইটোসব ৰথ কোটি প্ৰমাণে বিমান॥
সাৰথী সহিত ধ্বজ আকাশ লঙ্ঘয়।
নানাৰূপ বাদ্য ঘণ্টা ধ্বজে আবিচয়॥