পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮০
চতুৰ্থস্কন্ধ।

ফুল অলঙ্কাৰ সাজে ফুলৰে শৃঙ্গাৰ।
ফুলৰ মুকুতা মালা গজমতি হাৰ॥
নানা ৰূপে দেখাই গাৱ মদন চতুৰা।
এহিৰূপ বহু লক্ষ আছে কামাতুৰা॥
যুবক সকলো এহিৰূপ পৰি পাৰ্টি।
দেবী অনুগ্ৰহে তুচ্ছজ্ঞান বিশ্বসৃষ্টি॥
এহি সব কামাতুৰা শৃঙ্গাৰ গৰ্ব্বিতা।
কহো তাসম্বাৰ নাম মদন ৰঞ্জিতা॥
প্ৰথমে অনঙ্গৰূপা অনঙ্গ মদনা।
সুন্দৰী মদনা তুৰা অনঙ্গ বেদনা॥
ভূবন পালিকা সৰ্ব্ব শিশিৰ অনঙ্গা।
বিদ্যদ্দমা কন্ধ কান্ধী শ্ৰীভুবন বেগা॥
বহ্নি অন্তৰনী ৰণ মঞ্জীৰ চৰণা।
ধাবমানা শোভা আদি বিদ্যুত পমা॥
সমস্ত কাৰ্য্যতে ইতো সকলো কুশল।
বেদ হস্তে ফুৰে সদা যেনে দ্বাৰ পাল
গঢ়ৰ বাহিৰে অষ্ট কোনে নিৰন্তৰ।
অশ্ব সাল হস্তী দাল পদাতি বিহাৰ॥
বজ্ৰসালা অগ্ৰে বৈদূৰ্য্যৰ পূৰীখান।
ৰাজদ্বাৰ সমে দশ যোজন প্ৰয়ান॥