পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৮
চতুৰ্থ স্কন্ধ।

তিনিয়ো লোকৰ শোক সন্তাপ যতেক।
সেহিবন বৃক্ষমূলে থাকয় সম্যেক॥
চন্দনে চৰ্চ্ছিত বিলাসিণী ঝাকে ঝাকে।
পুষ্পমালা ভূষি তালপত্ৰে বিছি থাকে॥
শিতল সমুদ্ৰ জলে পখালে প্ৰাচীৰ।
প্ৰাচীৰ যোজন সাত দীৰ্ঘ সুবিস্তাৰ॥
সেহিবাটি মধ্যেহৰি চন্দনৰ গাছ।
সাৰি সাৰি ৰঞ্জি গন্ধে বিয়াপি ছেদিশ॥
সিটোবন আজ্ঞাহহি যত মেঘচয়।
কালে কালে বৃষ্টি সদা নিয়মে কৰয়॥
বিদ্যুত পিঙ্গল নেত্ৰ জীমূত কবচ।
ইন্দ্ৰৰথ মুখৰ সম্বৰ্ত্ত বজ্ৰ ঘোষ॥
সহস্ৰ ধাৰায়ে সৃষ্টিকৰে বাৰি ধাৰা।
অম্বা দুলা মেঘবত্নী আদি মেঘমালা॥
কলিকা বৰষেআৰু মহা বৃষ্টিধাৰা।
মেঘৰ দ্বাদশ শক্তি বৰ্ষে আজ্ঞা পৰা॥
নুতন পল্লব বৃক্ষ নব নব লতা।
হৰিত বৰণ তৃণ শ্যাম লিপালতা॥
নানাবৰ্ণ তৃণবন তাত শোভাকৰে।
নদী নদ প্ৰবাহ বহন্ত বেগ ধাৰে॥