সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৭
শ্ৰীদেবীভাগৱত।

দিবানিশি বশন্ত সিটোবন ৰক্ষাকৰে।
পুষ্প সিংহাসনে পুষ্প ছত্ৰ শিৰে ধৰে॥
পুষ্প মালা পুষ্প ভূষা পুষ্প সমে ঘুৰে।
তাৰ অনুগ্ৰহে হৰি লক্ষ্মী ক্ৰীড়া কৰে॥
অতি মনোহৰ বণ মধু নিজৰয়।
লক্ষ্মী সমে লক্ষ্মীকান্ত তৈতে বিহৰয়॥
দশ যোজনক লাগি বায়ুগন্ধ বহে।
গন্ধে আমোদিত গন্ধৰ্ব্বয়ে গীত গাহে॥
সহিত বসন্ত লক্ষ্মী বসন্ত বৰ্ত্তয়।
বাৰ মাসে কামুকৰ কাম বৃদ্ধিহয়॥
তাম্ৰবন উত্তৰত সীসবন খান।
সিয়ো সপ্ত যোজন উচ্ছ্ৰিত মনোৰম॥
সন্তান বাটিকা মধ্যে পৰম উত্তম।
আছে আৰু দুই খণ্ড বন সৰ্ব্বোত্তম॥
তাৰপুষ্প গন্ধদশ যোজনে বহয়।
হিৰন্ময় পুষ্প সব তাহাতে ফুলয়॥
সুশ্বাদু অমৃত ৰস সুমধুৰ ফল।
ভ্ৰীষ্মে উত্তা পিত প্ৰাণী পিয়ন্ত সকল॥
বীৰ্য্যবতী শুচিমতী দুইভাৰ্য্য৷ নৃপ।
গ্ৰাষ্মে পতি সমে হোৱে শীতল অনুপ॥