সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৪
চতুৰ্থ স্কন্ধ

অন্য অস্ত্ৰ আৰু তাক নকৈলো প্ৰহাৰ।
কাৰ্টি খণ্ড খণ্ড কৰে দানব দুৰ্ব্বাৰ॥
জয় নমো জগদ্ধাত্ৰী জগত জনণী।
চৰাচৰ জগতৰ উদ্ভব কাৰুণী॥
কটাক্ষে সৃজন কৰা কটাক্ষে সংহাৰ।
দৈত্য বধ ৰণ মাত্ৰ লীলাৰ আচাৰ॥
কোন ক্ষুদ্ৰ শঙ্খচূড় তোমাক যুজিবে।
অনন্ত মহিমা তযু কোননো বুজিবে॥
শঙ্খচূড় বধ ছলে ভাৰ সংহাৰিলা।
ভক্ত বাক্য পালি তথাপিতো নবধিলা॥
অনন্ত ব্ৰহ্মাণ্ড কো'টি প্ৰতি লোম কুপে।
ব্ৰহ্মা বিষ্ণু শিব যাৰ নাম সদা জপে॥
অখিল জগত যদি এক-গ্ৰাসে খায়।
তথাপিতো যাৰ খুদ খহু নপলায়॥
হেন তুমি শঙ্খচূড়ে পাৰি নমাৰিলা।
মুখে ভৰি পুনৰপি ওকালি ফেলিলা॥
হীন জন হুইলে জানো মায়াৰ অধিন।
কিন্তু তুমি নিজে মায়া নোহা পৰাধীন॥
জগত ব্যাপক পুৰ্ণ ব্ৰহ্মময় আত্মা।
শক্তিৰূপে সৰ্ব্বঘটে আছা বিৰাজিতা॥