পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৩
শ্ৰীদেবীভাগবত।


মৃত্যু নাই জানি চণ্ডী আৰু নমাৰিল।
দানবৰ ৰক্ত খাই পিৰ্থ তুষ্ট ভৈল॥
যুদ্ধ বাৰ্তা কহিবে শঙ্কৰ আগে গৈল।
পূৰ্ব্বাপৰ বিস্তৰিয়া কহিবে লাগিল॥
ভবাণী কহন্ত দেব কৰা অবধান।
দেব সমে দিশ বৎসৰ ভৈল ৰণ॥
অকলে কাৰ্ত্তিক যুদ্ধে বাৰয় বৎসৰ।
ময়ো যুদ্ধ কৈলো তিনি পক্ষ ভয়ঙ্কৰ॥
সৰ্ব্ব সৈন্য ক্ষয় এক লক্ষ অবশিষ্ট।
আৰু শঙ্খচূড় আছে দুৰ্ব্বাৰ বলিষ্ট॥
তাক মাৰিবাক কৈলো বিবিধ যতন।
নমৰে মায়াবী দৈত্য মহা পৰাক্ৰম॥
আন সব দন্তে চোবই কৈলো মসিমুৰ।
শঙ্খচূড় মুখহন্তে হইল বাহিৰ॥
মহাজ্ঞানী শঙ্খচূড় বৈষ্ণব প্ৰধান।
নিপীড়ে ভাগৰ দুঃখ নালাগে কখন॥
পাশু পত হানি তাক মাৰিবে খোজন্তে।
শুনিলোহো দৈব বানী আকাশৰ হন্তে॥
মোৰ বধ্য নোহে পাশুপতে নমৰিবে।
এতেকতে তাৰ প্ৰতি অস্ত্ৰ নচলিবে॥