পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
চতুৰ্থ স্কন্ধ

দিতি অদিতিয়ো জন্মি সন্তাপ লভিল।
জন্ম মাত্ৰে ছয়পুত্ৰ কংশে বিনাশিল॥
অদিতিক দিতিয়ো দিলন্ত শাপ ৰাজা।
দুইশাপে অদিতি ভৈলন্ত মৃতবৎসা॥
হেন শুনি জন্মে জয়ে মুনিত বিনাইল।
দিতিয়ে আপোন ভগ্নী কিহেতু শাপিল॥
ইন্দ্ৰৰ জননী মুনি অদিতি সুন্দৰী।
ইহাৰ ৰহস্য ভাঙ্গি কহিয়ে৷ বিস্তৰি॥

অদিতিৰ শাপ বৃত্তান্ত।

পদ

সূত নিগদতি মুনি শুনা তাত পাচে।
যেবে জন্মেজয় ব্যাস দেবত জিজ্ঞাসে॥
সমাহিত চিত্তে তেবে সত্যবতী সুত।
কহিবে লাগিলা কথা পৰম অদ্ভুত॥
দক্ষৰ তনয়া দুই দিতি যে অদিতি।
কশ্যপ মুনিৰ প্ৰিয় ভাৰ্য্যা মহা শান্তী॥
অদিতিৰ পুত্ৰ যেবে ইন্দ্ৰ সূৰ্য্যভৈল।
দিতিয়ো সিৰূপ পুত্ৰ কামনা কৰিল॥