পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শ্ৰীশ্ৰীদেবী ভাগবত।

পতিগ্ৰহ লোভ যিটো দিলন্ত ছাৰণি।
ধন্যাসিটো জন শান্তমতি মহামুনি॥
সংসাৰৰ মহাশত্ৰু ইটো লোভ পাপ।
যিজনে ত্যাগিলে সিটো শ্ৰীহৰি স্বৰূপ॥
এতেক বুজাইল ব্ৰহ্মা তথাপি কাশ্যপ।
দুৰাচাৰ পাপিষ্ঠ পামৰ অতিৰেক॥
মোহলাগি কাম ধেনু পালতি নিদিল।
লাজে খঙ্গে প্ৰজাপতি অভিশাপ দিল॥
মৰ্য্যদ৷ ৰাখিবে লাগি নাতি, প্ৰাণ তুল্য।
মৰ্য্যদা নৰইলে হেন সমন্ধে কি ফল॥
এতেকতে অংশ ল’ই পৃথিবী ভিতৰে।
যদুকুলে জন্ম ধৰ গুবালৰ ঘৰে॥
তোৰা দুই ভাৰ্য্যায়ো জনম তৈত লৌক।
গোপ ঘৰে গুৱালনী গো ৰক্ষা কৰোক॥
কশ্যপক শাপি ব্ৰহ্মা নিজ লোকে গৈল।
বিমৰ্ষে বৰুণৰ দেবো স্বস্থানে চলিল!
ব্যাস কহে এতকতে শুনা জন্মেজয় |
ব্ৰহ্মা বৰুণৰ শাপে কশ্যপ জন্ময়॥
ভূমিভাৰ হৰিবাক অংশ কলাৰূপে।
গোকুলে জনম ভৈল গোপাল স্বৰূপে॥