পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৯
শ্ৰীদেবীভাগৱত

ততক্ষন তাৰ মৃত্যু নাহিক নিশ্চিত।
তাক বধিবাক কাৰো নুহিকা সমৰ্থ॥
এতেক আকাশ বাণী শুনিল ভবানী।
অস্ত্ৰ সামৰিয়া ভৈল প্ৰলয় অগনি॥

কালীৰ প্ৰলয় মূৰ্তি ধাৰণ॥
ঝুমুৰি।

পাছে তৈতে নাৰায়নী।
ধৰিল প্ৰলয় মুৰ্ত্তি।
বিকট ভৈলন্ত মুখ।
মুখ খান মেলিলন্ত।
চক্ষু অগ্নি ধক্‌ধক্‌।
নাকৰ নিশ্বাস বৰ।
চাৰিহস্ত প্ৰশাৰিল।
তাৰমাজে যতপাইল।
শতশত লক্ষদৈত্য।
হস্তীঘোড়া ৰথৰথী
পদ খহু নপলাইল।

   

ক্ৰৌধেঅতি মহ অগ্নি॥
সংসাৰ কবিবে সৃষ্টি॥
বিয়াপিল দশদিক॥
আকাশক লঙ্ঘিলন্ত॥
যোৰ জিহ্বা লক্‌লক্॥
বহে প্ৰলয়ৰ ঝড়॥
যোল ক্ৰোশ বিয়াপিল॥
চপাই আনিছো বাইল॥
সৈন্যসেনা পশ্চিযত॥
দশনে পেলাইল মথি॥
ৰজাক ধৰিবে গৈল॥