পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৩
শ্ৰীদেবীভাগৱত।

গুণ গাছ মাজি পাছে টঙ্কাৰ কৰিল।
মায়াময় অস্ত্ৰ সব বৰষিবে লৈল॥
অগ্নি বৰুণৰ বায়ূ মাৰ্ত্তণ্ড সোমৰ।
হস্তী মৃগ শ্বান শিবা বৰাহ গাণ্ডাৰ॥
কঙ্ক গৃধ্ৰ শ্যেন ছিলা কপোত কাউৰ।
সিংহ ব্যাঘ্ৰ অশ্বগোধা মহিষ দুদ্ধৰ॥
যম দণ্ড কাল দণ্ড ভাৰ্গব প্ৰচণ্ড।
সপ্তসাৰ ঐষিক বিপাট সিংহদণ্ড॥
দেব দৈত্য দানব অন্তৱ পিশাঞ্চৰ।
যক্ষ ৰক্ষ গন্ধৰ্ব্ব কিন্নৰ মনুষ্যৰ॥
যত অস্ত্ৰ শঙ্খচূড় কৰন্ত প্ৰহাৰ।
তিল তিল কৰিকাটে অম্বিকা কুমাৰ॥
নিৰুপায় নৰপতি ক্ৰুদ্ধ গুৰুত্তৰ।
মহা বেগে তুলি লৈল শক্তি মাধবৰ॥
শত সূৰ্য্য সম জ্বালা উগ্ৰ শক্তি গোট।
প্ৰলয়ৰ অগ্নি শিখা হুইল প্ৰকট॥
বিষ্ণু তেজে শক্তি পাট বিষ্ণু মন্ত্ৰেসাৰ।
ওলতা পালতা মন্ত্ৰ গাই তিন বাৰ॥
বাহ্বো ষ্ফোট কৰি বেগে হেঙ্কাৰি মাৰিল।
কাৰ্ত্তিক বীৰক পাই সামৰি লইল॥