সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
চতুৰ্থ স্কন্ধ।

মৰুতৰ বাণ শঙ্খচুড় প্ৰহাৰিল।
ভাস্ক ৰাস্ত্ৰে ষড়ানন কাটি পেলাইল॥
প্ৰেত পিশঞ্চৰ বাণ মাৰে দৈত্যপতি।
শঙ্কৰাস্ত্ৰে নিবাৰিত ভবানী সন্ততি॥
শিবমন্ত্ৰে শিবশূল মাৰিল কুমৰ।
বিষ্ণু মন্ত্ৰে বিষ্ণু শূলে কাটে শঙ্খচুড়॥
ক্ৰোধে ব্ৰহ্ম অস্ত্ৰ প্ৰহাৰিল ষতানন।
ধনুৰ্ব্বাণ ৰথ ধ্বজ কৰিল ছেদন॥
পুনৰপি শিব শূল কৰিল প্ৰহাৰ।
সন্মাহা কাটিয়া অঙ্গে কলি সঞ্চাৰ॥
সুৰ্য্য সম জ্যোতিৰ্ম্ময় কিৰীটি ছেদিল।
কৰ্ম্ম ছেদি মৰ্ম্ম ভেদি অঙ্গে প্ৰহাৰিল॥
বহিল শোনিত ধাৰা বক্ষ পাটাভেদি।
একেবাণে কবচ কুণ্ডল পেলাই ছেদি॥
তেজো ময় মহাশক্তি সূৰ্য্য সম জ্বলে।
শঙ্খচুড় হিয়াত ভেদিল বাহুবলে॥
হিয়৷ ভেদি দনুৰাজ নিঢলি পৰিল।
এক দণ্ড মান মূৰ্চ্ছা হুই পৰি ৰৈল॥
মূৰ্চ্ছা এৰি কতোক্ষণে ভৈল সন্ধুক্ষণ।
অন্য ৰথে উঠি ধনু কৰিল ধাৰণ॥