পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
চতুৰ্থ স্কন্ধ।

কাৰ্ত্তিকে বোলন্ত কিনো আতি বিপৰীত।
ছয় মাস ধৰি সৈন্য বধো নিতে নিত॥
তথাপি নোহন্ত ক্ষয় দিনে দিনে বাঢ়ে।
তুনে বাছি লৈল পাছে ব্ৰহ্ম অগ্নি শৰে॥
ৰাজহংস পাখী ছাই ব্ৰহ্মাস্ত্ৰে সাজি।
মন্ত্ৰ পঢ়ি কুমৰে যুৰিলা গুণ মাজি॥
ইষ্টগুৰু শিব পদে নমস্কাৰ কৰি।
কৰ্ণ মানে টানি প্ৰহাৰিলা দৃঢ় কৰি॥
অষ্টম দিবস পথ সৈন্য ভৰিছিল।
হস্তী ঘোড়া পঞ্চ দিন বাট যুৰিছিল॥
মহা ব্ৰহ্ম ৰগ্নিবানে আবৰি ধৰিল।
জালে বন্ধা মৎস এড়াইবাক নপাৰিল॥
পৰ্ব্বত প্ৰমাণ অগ্নি প্ৰজ্বলিত ভৈল।
চাৰি দণ্ড মানে সবে পুড়ি ভস্ম কৈল॥
নিকটে নাহিক সৈন্য সব অন্ত ভৈল।
দশ নদি নৰ বাটে আন সব ৰৈল॥
গেলা পছা গন্ধ উঠে বায়ুৰ প্ৰবাহে।
কুকুৰ সৃগাল কাক ৰক্ত মাংস ছোহে॥
নমো নমো নাৰায়ণ জগতে জানক।
খণ্ডিলা ধৰনী ভাৰ ৰাখিলা দেবক॥