পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৯
শ্ৰীদেবীভাগৱত।

হস্তী ঘোড়া উটে যেন শিহু ঘৰিয়াল।
ধনু শৰ অস্ত্ৰ শস্ত্ৰ ধ্বজৰীৰ তুল
তথাপি নাহয় ভঙ্গ আগ বাঢ়ি আসে।
দেখি নাৰায়ণ অস্ত্ৰ যুড়িলন্ত পাছে॥
গৰুড়ৰ পাখী ছাই আছে বিষ্ণু মন্ত্ৰে।
উলতা পালতা তিনিবাৰ পঢ়িলন্তে॥
আকৰ্ণ টানিয়া গুণ কৰিল প্ৰহাৰ।
উঠালিল মুখে অগ্নি বিকট প্ৰকাৰ॥
বিম্বা শবদে খেদি দৈন্যত পশিল।
গাণ্ডি মুণ্ড বেলগাই কাটিবে লাগিল॥
ঠলঠল কৰি যেন পকাতাল সবে।
ঠান ঠিস কৰি পৰে ধৰণী উপৰে॥
কাৰো কঙ্কালত কাটি দুখণ্ড কৰিল।
কাৰো ভুজ গলা কন্ধ নাকটি কাটিল॥
চক্ষু নাসা কাটি কতো বিভৎস হইল।
অধা কটা হুয়া কতো বাগৰি ফুৰিল॥
এহিমতে শৰপাটে সৈন্যত ফুৰিল।
চাৰি দণ্ড মানে কাটি নিগুটি কৰিল॥
সাগৰত স্নানি কাৰ্ত্তিকৰ তুনে আইল।
পুনৰপি ৰণ স্থল দানবে ভৰিল॥