এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৩
শ্ৰীদেবীভাগৱত।
দদ্ভ সমে চন্দ্ৰ ৰণ অতি ভয়ঙ্কৰ।
মাৰিল সহস্ৰশৰ চন্দ্ৰৰ উপৰ॥
আকাশতে চন্দ্ৰদেব কৰিল ছেদন।
দানবক প্ৰহাৰিল ক্ষুৰপতি বাণ॥
যতমাৰে চন্দ্ৰ সৰ্ব্ব কাটে ততালিকে।
ধনুৰ্ব্বাণ অস্ত্ৰতুন কাটিল প্ৰত্যেকে॥
যত ধনুকাটে দৈত্যতত ধনুলয়।
দুৰ্ব্বাৰ অসুৰ কোনো মতে নখাটয়॥
দেখিচন্দ্ৰে ক্ৰোধে কুহ অস্ত্ৰ প্ৰহাৰিল।
মহাহিমে দৈত্যতনু অবশ হুইল॥
ঠেটুয়৷ লাগিল সৰ্ব্ব দেহঠাণ্ডা ভৈল।
হস্তহস্তে ধনুখান খসিয়া পৰিল॥
শীতেকম্প দন্তাসুৰ সুৰুতি এৰিল।
পুনু ধনুতুলি লৈল বুদ্ধি নখাটিল॥
মন্ত্ৰসমে অগ্নিশৰ কৰিল সন্ধান।
গৰুড়ৰ পখাচাই কৰিছে নিৰ্ম্মান॥
ওলতা পালতা তিনিবাৰ মন্ত্ৰ পঢ়ি।
প্ৰহাৰিল অগ্নিশৰ পাছে দৃঢ়কৰি॥
জ্বলিল নিৰ্ধুম অগ্নি শীত নিবাৰিল।
সৰ্ব্বসৈন্য মানে তেবে ৰনক ধাইল॥