পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
চতুৰ্থস্কন্ধ।

দুৰন্ত দানবে পুনু ধনু ৰ্গুণ টানি।
তীক্ষ্ণ বীৰ জাল অস্ত্ৰ প্ৰহাৰিল চানি॥
লক্ষে লক্ষে হাজাৰে হাজাৰে শিলিমুখ।
অস্ত্ৰে লালকাল চন্দ্ৰ ভৈলন্ত বিমুখ॥
কোমল চন্দ্ৰৰ দেহ পদ্ম বেণু সৰি।
দৈত্য সৰে ছিন্ন ভিন্ন ৰকত নিজৰি॥
নিবাৰণে শক্তি হীন বিষম প্ৰহাৰে।
ৰণ এৰি পলাই ৰহিল কতো দূৰে॥
কাল কেয় কুবেৰে বাজিল ঘোৰ ৰণ।
অৰ্দ্ধ চন্দ্ৰ শিলিমুখ কৰন্ত সন্ধান॥
বিপাট পৰিঘ চক্ৰ গদা শক্তি শেল।
মুসল মুদগৰ ভলু ত্ৰিকণ্টি বিশাল॥
দুই দেহ ছাকা ছাকা অস্ত্ৰৰ আঘাতে।
বজ্ৰৰ নিৰ্ঘোষ উঠে আকাশৰ পথে॥
কতোক্ষণে ধনপতি পাছে চিদ্ৰ পাইল।
ধনু এৰি গদাধৰি বেগে খেদাদিল॥
দেখ নেদেখ বেগে কোবেক বৈঠাইল।
হামুখুৰি খাই দৈত্য নিঢলি পৰিল॥
ভাঙ্গিলন্ত ৰথখান গদা কোব মাৰি।
কাল কেয় উঠিলন্ত শৰীৰ ঝোঙ্কাৰি॥