পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
চতুৰ্থ স্কন্ধ।


ঘোৰ শব্দ উঠলিল, দশোদিগ পূৰ্ণ ভৈল,
 ৰণ বাদ্য বাজে অগণন ॥
ত্ৰিশ কোটি ঢাক ঢোল, ধেমচা খেমচা বোল,
 কোটি কোটি বাজিছে দামামা।
ত্ৰিশ কোটি খোল তাল, মৃদঙ্গ জাঁঝ বিতাল,
 গুম্বাজ তুম্বাজ অগণনা॥
কাংসি বাংশী বীনাশ্বৰ, মুৰুৰীৰ বাববৰ,
 কোটি ৰুদ্ৰ পিনাক মধুৰ।
দবা শঙ্খ ঘণ্টানাদ, জগ জম্প জয় ঢাক,
 মুখ বাদ্য বিবিধ প্ৰকাৰ।
বেহেলা টোকাৰী কাঠি,  ঢোলে ঘনে পৰে কাঠি,
 মাঞ্জিৰা বজাবে হুমধুৰ।
শঙ্খচুড় মহাসেনা, যুৰিল পৃথিবী ঠানা,
 ছাউনী পাতি ধাকিল সংসাৰ॥
নুহিকা বিস্ময় আত, ব্যাসৰ বাক্যে সঞ্জাত,
 স্বয়ং নাৰায়ণে নিবন্ধিলা।
ত্ৰিলোকৰ অধিপতি, মশ্বন্তৰ ভূঞ্জে ক্ষিতী,
 পূৰ্ণ একাত্তৰি যুগ ভৈলা॥