পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
চতুৰ্থ স্কন্ধ

কৰ্ণত ৰত্ন কুণ্ডল গলে নাগহাৰ।
হিয়াত শ্ৰীবৎস পান্তি হাৰ মুকুতাৰ॥
কেয়ৰ কঙ্কন শোভা ৰতন মেখলা।
অগ্নি শুদ্ধ পীত ধুতি বিদ্যুত উজ্জ্বলা॥
সেনাপতি হুঙ্কাৰিয়া সৈন্য সজ্জাকৈল।
প্ৰতি সেনাপতি মাঝে বিভাগ কৰিল॥
এক লক্ষ মত্তহাতী তিনলক্ষ ঘোড়া।
এক অষুতেক ৰথ প্ৰতিজনে ধৰা॥
তিনকোটি ধনুধাৰী পদাতিক সৈন্য।
তিনকোটি বাৰূবৰ্তী সংগ্ৰামে প্ৰচণ্ড॥
তিন কোটি শূলধাৰী বিভাগ কৰিল।
এত পৰিমাণে এক সেনাপতি দিল॥
সবে যুদ্ধ বিশাৰদ বীৰ মহাৰথ।
তিনলক্ষ অক্ষৌহিণী সৈন্য উপৰত॥
তিনলক্ষে তিনিলক্ষ মহা সেনাপতি।
ৰণৰ তোৱাল সবে মহা যোদ্ধা পতি॥
তিণ অক্ষৌহিণী বাদ্যভণ্ড নানাৰূপ।
সঙ্গে সাজি বাহিৰ হইল দৈত্য ভূপ॥
ৰত্নৰ ধিমানে চৰি ত্ৰিলোক ঈশ্বৰ।
গুৰুবৰ্গে আগবাঢ়ি মঙ্গল আগৰ॥