সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৭
শ্ৰীদেবীভাগৱত।


প্ৰফুল্ল প্ৰসন্ন চিত্তে মৃদুহাস্য কৰে।
শান্ত মূৰ্ত্তি সৰস্বতী কন্তমুৰ হৰে॥
পাদ পথ ধৰি লক্ষ্মী কৰন্ত উপেক্ষা।
কৰ্পূৰ তাম্বুল লক্ষ্মী যোগান্ত সৰ্ব্বথা॥
ভুক্তিকৰি গঙ্গা কৰে চামৰ ধুলানি।
শ্বেত চামৰত পঙ্খাকৰে সুৰ ধুণী॥
সৰ্ব্বজনে মাথ গুঞ্জি স্তুতি ভক্তিকৰে।
কৃতাঞ্জলি মুনি ঋষি বেদ পাঠ কৰে॥
পূৰ্ণকৃষ্ণ ভগবান ইৰূপে দেখিল।
ব্ৰহ্মাহৰ অদি সবে স্তুতি নতি কৈল॥
হৰ্ষে পুলাকিত অঙ্গ সপ্ৰেম লোতক।
গদ গদ স্বৰে দেব কহে স্তুতি বাক॥
ভক্তৰে৷ পৰম ভক্ত নম্ৰ আত্মা শুন্ধি।
কৃতাঞ্জলি হুই স্তুতি কৰেহব বিধি॥
তাতপাচে হৰে কৈল সমস্ত বৃত্তান্ত।
যেহিৰূপে শঙ্খচুৰে দেবক হিংসন্ত॥
হেনশুনি সৰ্ব্বজ্ঞ ঈশ্বৰ সৰ্ব্বকৰ্ত্তা।
হাসি ব্ৰহ্মা হৰ প্ৰতি বুলিলন্ত তথা।
মনোহৰ শঙ্খচূড় আখ্যান ৰহস্য॥
কহিবে লাগিলা বিষ্ণু মুখে মৃদুহাস।