পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
চতুৰ্থ স্কন্ধ।


শত শত খট খটি শ্যোমত্তে নিৰ্ম্মিত।
চন্দন পল্লব পট্ট সূত্ৰে গ্ৰন্থি যুক্ত॥
ইন্দ্ৰ নীলমণি স্ফটিকৰ স্তম্ভ ৰাশি।
সাৰি সাৰি ৰঞ্জি চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশি॥
ভাৰ মাঝে সাৰি সাৰি ৰত্নৰ কলসি।
পাৰিজাত পুষ্পমালা গলে আছে হাসি॥
কস্তুৰি কুঙ্কুম ৰক্ত লুগন্ধ চন্দনে।
লতা গুল্ম পল্লবে ৰঞ্জিত নানা থানে॥
সৰ্ববত্ৰে সুগন্ধ বায়ু বহে নিৰন্তৰ।
বিদ্যধৰে গাৱে গীত নাচন্ত অপ্‌সৰ॥
আয়া মেব্যায়া মেথুৰি সহস্ৰ যোজন।
পাৰিষদে ভৰি পূৰি আছে সভাখান॥
হেন সভা মধ্যে ব্ৰহ্মা শঙ্কৰ দেবতা।
দেখিল মাধব শিৰে সুবৰ্ণৰ ছাতা॥
ৰত্ন সিংহাসনে বসি প্ৰকাশি আছন্ত।
নক্ষত্ৰ মণ্ডলে যেন চন্দ্ৰমা শোভন্ত॥
ৰতন কিৰীটি শিৰেগেলে বনমালা।
সুবৰ্ণ কুণ্ডল কৰ্ণে মানিক্য উজ্জ্বলা॥
চন্দনে লেপিত তনু কেলি পথ সম।
আগতে নৰ্ত্তকী নৃত্যদেখে মনোৰম॥