পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
শ্ৰীদেবীভাগবত

তাৰপৰে একপদে ৰহে দাণ্ডাইয়া।
হেনকালে ব্ৰহ্মাদেউক দেখিল চাহিয়া॥
চতুৰ্ম্মুখ ব্ৰহ্মাক দেখিল হংস যানে।
ভক্তিভাবে প্ৰণাম কৰিল হৃষ্টমনে॥
হাসি ব্ৰহ্মা দেবে পাচে বচন বুলিল।
যেহিবৰ বাঞ্চ সতী সত্য কৰিবোল॥
হৰিভক্তি হৰিদাসী যিবামনে লয়।
জৰা ব্যাধি অমৰণ যেহিকাম হয়॥

তুলসীৰ প্ৰাৰ্থনা॥

তুলসী প্ৰাৰ্থন্ত পিতা কৰা অৱধান।
যাকলাগি মোৰ মন হয উচ্ছাটন॥
সৰ্ব্বজান বিধি তুমি মোৰ কিবালাজ।
পিতাস্থানে পুত্ৰী কহে নহে অসমঞ্জ॥
পূৰ্ব্বে আমি গোলোকে তুলসী নামেগোপী।
কৃষ্ণৰ কিঙ্কৰী প্ৰিয়া কৃষ্ণ অংশৰূপী।
মোৰসমে ৰতিৰসে গোবিন্দ তৃপিত।
তৃপিতি নভৈলো আমি হইলো মুৰ্চ্ছিত॥