পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
চতুৰ্থ স্কন্ধ

কাদম্বিণী ঘনকেশ শ্যাম পীতবৰ্ণ।
ৰুচিকৰ কপোলে কুঞ্চিত অগ্ৰঘণ॥
পীত চম্পকৰ বৰ্ণ দেৰকিৰণ।
সুন্দৰীৰো পৰম সুন্দৰী অতুলন॥
নৰলোকে নাৰীমধ্যে তাহাৰ সমান।
তুলনা কৰিবে ঋষি নাহি কোনজন॥
তুলনাৰ স্খলনাহি এতেকে তাহাক।
তুলসী বুলিয়া নাম দিল জ্ঞানীলোক।
ভূমিট হুইবা মাত্ৰ প্ৰকৃতি সুন্দৰী।
বদৰিকা শ্ৰমে তপোবনে গৈল লৰি॥
নামানিল বাধা কাৰো তগশ্যাত গৈল৷
দেবমানে লক্ষবৰ্য উগ্ৰতপ কৈল॥
মনেভাৰে নাৰায়ণ মোৰস্বামী হৌক।
নিশ্চয় বুদ্ধিত মন তাৰ মজিলে।
গ্ৰীষ্মে পঞ্চতপা শীতে ভিজাবস্ত্ৰে থাকে
আসন বান্ধিল ৰৌদ্ৰ বৃষ্টি বাতে ভুগে॥
বিংশতি সহস্ৰবৰ্ষ ফলাহাৰ কৈল।
ত্ৰিচ সহস্ৰেকবৰ্ষ পাতা চৌবাইল॥
চৌকালি সহস্ৰবৰ্ষ বায়ু ভক্ষি থাকে।
দশ সহস্ৰেক বৰ্ষ কিছুনাহি ভক্ষে॥