পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
চতুৰ্থ স্কন্ধ


(অথ তুলসিৰ জন্ম বিবৰণ)
তুলসিৰ উৎপত্তি।

পদ।

নবম স্কন্ধৰ পদ ষোৰশ অধ্যায়।
বোলা ৰাম ৰাম ডাকি ব্যাস দেব গায়॥
নাৰায়ণ কহে শুনা দেবৰ্ষি নাৰদ।
ধৰ্ম্মধ্বজ ৰাজা পত্নী মাধবি নামত॥
গন্ধ মাদনত নৃপ প্ৰিয়নী সহিত।
বিৰচি কুহুম শয্যা চন্দনে চৰ্চ্চিত।
মৃগমদ হুগন্ধে লেপিত দুয়ো তনু।
কৰে নানা ৰূপে ৰতি ক্ৰীড়া কাম ভানু॥
সৰ্বৰ্ব্বাঙ্গ সুন্দৰী বালা ভৰণে ভুষিত৷!
কামুকী স্ত্ৰীৰত্ন ৰসবতী ৰসযুতা॥
সৰ্ব্বদা হুৰতি মগ্ন নুহিকে বিৰাম।
নাহি অবসাদ নাহি দিবা নিশি জ্ঞান॥
শীতল মলয় বায়ু গন্ধ মনোহৰ।
সৰ্ব্বদায়ে কাম বৃদ্ধি কৰে দম্পতিৰ॥