পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
শ্ৰীদেবীভাগৱত

যজ্ঞকুণ্ডে উতপতি নাম যাজ্ঞসেনী।
এহি বেদবতী পঞ্চ পাণ্ডব গৃহিণী॥
একে বেদবতী তিন জনম লভিল।
তৃতীয় জনমে জাতিস্মৰা নাহইল॥
নাৰদে পুচন্ত দেব বুজিবে নপাৰি।
পঞ্চ স্বামী দ্ৰৌপদী পাইল কেন কৰি॥
তিন জন্মে তিন পতি বুজিলো শাস্বত।
পঞ্চপতি কাৰণ কহিয়ো দেব ব্ৰত॥
নাৰায়ণ কহে ব৷ষি শুনিয়ো কাৰণ।
লঙ্কাত শ্ৰীৰামে সীতা লভিল যখনে।
সত্য সীতা বৈশ্বানৰ শ্ৰীৰামে অৰ্পিল।
হেন দেখি ছায়া সীতা কান্দিবে লাগিল॥
প্ৰথম বয়সী অতিশয় ৰূপবতী।
কামে উত্ৰাৱল সীতা ডাকে পশুপতি।
পতিং দেহি পতিং দেহি ডাকে পঞ্চবাৰ।
শিব বোলে পঞ্চ ভৰ্ত্তা হইবে তোমাৰ॥
শিব বৰে পঞ্চ পতি দ্ৰৌপদী লভিল।
লক্ষ্মী অৱতাৰ কথা সমাপতি ভৈল॥
তাত পাচে শুনা ধৰ্ম্মধ্বজ সুতাখ্যান।
পদ্মা অংশে তুলসীৰ জন্ম বিবৰণ॥