পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
চতুৰ্থ স্কন্ধ।


কহিলো পুৰাণ ইটো কলিৰ আখ্যান।
যিৰূপে শুনিলো গুৰু মুখে তপোধন॥
নবম স্কন্ধৰ পদ অষ্টম অধ্যায়।
শ্ৰবণে কীৰ্ত্তনে কলি কলুষ খণ্ডয়॥
ভুকুতি মুকুতি মিলে পুৰে সৰ্ব্ব কাম।
ৰচিল গোপালে ডাকি বোলা ৰাম ৰাম

অথ তুলসা উৎপত্তি॥

পদ।

নাৰায়ণ বদতি শুনিয়ো তপোধন।
দক্ষ সাবৰ্ণিক প্ৰজাপতি পু্ন্য়বান :
পৰম বৈষ্ণব যশোবন্ত কাৰ্ত্তিমন্ত।
শুচি সংযমন বিষ্ণু অংশে ভৈলা জাত॥
তাহাৰ তনয় ব্ৰহ্ম দাবৰ্ণি ধাম্মিক।
সিজনো বৈষ্ণব অতি শুচি সত্যবাক॥
তাৰসুত ধৰ্ম্ম সাবৰ্ণিয়ো জিতেন্দ্ৰিয়।
তাহাৰ নন্দন ৰুদ্ৰ সাবৰ্ণি তেনয়॥
তাহাৰ তনয় দেব সাবৰ্ণি উত্তম।
পৰম বৈষ্ণব সদ৷ ব্ৰত পৰায়ণ॥