সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
চতুৰ্থ স্কন্ধ।

কিনো মহাপাপে কংস কৰিল বিনাশ।
জনম মাত্ৰকে ছয় পুত্ৰ ভৈলনাশ॥
ধৰ্ম্মবস্তু জ্ঞানী শ্ৰেষ্ঠ নাৰদ মহৰ্ষি।
কেনে ইটো মহাপাপ কৰিলন্ত ঋষি॥
কৰ্ত্তাবা কাৰীতাদুয়ো সমেপাপ ভুগে।
জানি শুনি কংসক পাঞ্চিল পাপপথে॥
ব্যাসকহে দেবমধ্যে নাৰদ কৌতুকী।
সৰ্ব্বদায়ে দন্দ প্ৰিয় থাকে ৰঙ্গ দেখি॥
মিথ্যা নাহিকহে মাত্ৰ বুদ্ধিৰ কৌশল।
দেবমাঝে নৃত্যভাষী নাহিকিছুমল॥
এহিৰূপে ষষ্ঠগৰ্ভ নিপাত কৰাইল।
শাপে জন্মি ছয়পুত্ৰ উপজি মৰিল॥
সিসবৰ পাপকথা শুনা আবে নৃপ।
ব্ৰহ্মাশাপে জনম লভিল যেনেৰূপ॥
স্বয়ম্ভুব মনুদিনে মৰীচি তনয়।
ভাৰ্য্যা উৰ্ণনাৰ গৰ্ভে ছয় পুত্ৰ হয়॥
ধৰ্ম্মবন্ত ছয়পুত্ৰ মৰীচি নন্দন।
ব্ৰহ্মাক হিংসিবে মন ভৈল সৰ্ব্বজন॥
দৈত্য যোনি জন্ম বুলি ব্ৰহ্মা দিল শাপ।
ছয়ো জন্ম লৈল কালনেমিৰ ঘৰত॥