পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
শ্ৰীদেবীভাগৱত।

ৰি্‌পুৰ অলপো শ্ৰীক দেবতা নসহে।
সংমিলন ক্ৰিয়ামতে সব অষ্ট কহে॥
উলটি গণিলে ইটো গোট হোৱে অট।
মুৰ্খ তই কেনে তাক নকৰিলি নষ্ট॥
ইটে৷ শিশু কোন তই কি ৰূপে জানিলি।
আপোনাৰ মৃত্যু কেনে আপুনি বাঞ্চিলি॥
এতকহি গৈল ঋষি দেবৰ সভাক
হেথা কংস পালতাই আনিল বালক॥
শিলত আচাৰি পাচে কৈল চূৰ্ণাকৃতি।
শিশু বধি মহা তথা ভৈল পাপমতী॥
একবিংশ অধ্যাপদ দৈবকী বিবাহ।
শ্ৰবণে কীৰ্ত্তনে ভক্তি লাভ হৃদি মাঝ।
ভনয় গোপাল দেব ক্ষণে আয়ূ যায়।
বোল৷ ৰান ৰাম হৰি কৃষ্ণ সৰ্ব্বদায়।


জন্মে জয়ৰ প্ৰশ্ন॥
পদ।

জন্মেজয় নিগদতি শুনা মনিবৰ।
উপজি বালকে কিনে৷ পাপ কৰেবৰ॥